Type Here to Get Search Results !

Class 10 General Science Chapter-3 | Metals And Non Metals - ধাতু আৰু অধাতু | Solution in Assamese Medium - NCERT ASSEB SEBA Solution

অধ্যায়ঃ ৩ / ধাতু আৰু অধাতু
 
 

 
 প্ৰশ্নাৱলীঃ 1 (Page-40)
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰঃ    (i) পাৰা
            (ii) ছডিয়াম 
            (iii) ছিলভাৰ 
            (iv) লেড 
 
2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
উত্তৰঃ  ঘাত সহনীয়তাঃ ধাতুবোৰক গৰম কৰি হাতুৰীৰে পিটি বহল বা দীঘল কৰিব পৰা  ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বোলে।
           ধাতুৰ নমনীয়তাঃ ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে।সোণ, ৰূপ এলুমিনিয়াম আদি নমনীয় ধাতু ।
 
 প্ৰশ্নাৱলীঃ 2 (Page-46)
1. ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?
উত্তৰঃ ডিয়াম  হল এটা সক্ৰিয় ধাতু। ই মুক্ত অবস্তাত থাকিলে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জ্বলি উঠে। সেইবাবে ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় ।
 
 
2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া ।
(ii) পানীৰ লগত কেলছিয়াম আৰু পতাছিয়াম্ ৰ বিক্ৰিয়া ।
উত্তৰঃ (i) 3Fe  +  4H₂O →  Fe3O4 +  4H
 
          (ii) Ca(s) +  2H₂O(l) → Ca(OH)₂(aq)  +  H₂(g)

                 2K(s) +  2H₂O(l) →  2KOH(aq)  +  H₂(g) + তাপ
 
3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল । ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে ।

ধাতু

আইৰণ (II) ছালফেট

কপাৰ (II) ছালফেট

জিংক ছালফেট

ছিলভাৰ নাইট্ৰেট

A

বিক্ৰিয়া নহয়

প্ৰতিষ্ঠাপন

B

প্ৰতিষ্ঠাপন

বিক্ৰিয়া নহয়

C

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

প্ৰতিষ্ঠাপন

D

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যবহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া । 
(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো?
(ii) কপাৰ (II) ছালফেট লবনত B ধাতু দিলে কি হব?
(iii) A B C D ধাতুক সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজোৱা।
উত্তৰঃ    (i) আটাইতকৈ সক্ৰিয় ধাতু  হল- B
            (ii) কপাৰ (II) ছালফেট লবনত B ধাতু দিলে প্ৰতিষ্ঠাপন বিক্রিয়া ঘটিব যাৰ ফলত কপাৰ (II) সালফেট দ্রবণৰ বৰণ পাতল হব আৰু B ধাতুৰ  পৃষ্ঠত  ৰঙচুৱা মুগা বৰণৰ কপাৰ জমা হব। 
            (iii) A B C D ধাতুৰ সক্ৰিয়তাৰ নিম্ন ক্ৰম হল- B > A > C > D
 
4. লঘু হাইড্ৰ ক্লৰিক এছিদত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘূ  H2SO4   লগত  কৰা  বিক্ৰিয়াটোৰ  সমীকৰণ লিখা।  
উত্তৰঃ হাইড্ৰজেন  গেছ উৎপন্ন হব। 
আইৰণ লঘূ  H2SO4  লগত  কৰা  বিক্ৰিয়াটোৰ  সমীকৰণ- 
    Fe(s) + H2SO4(aq) → FeSO4(aq) + H2(g)
 
5.আইৰণ(II) চালফেট  দ্ৰৱনত জিংক  ধাতু দিলে  কি দেখিবাসংঘটিত বিক্রিয়াটো  লিখা।  
উত্তৰঃ জিংক চালফেট উৎপন্ন হব।  
সংঘটিত বিক্রিয়াটো- FeSO4 + Zn → ZnSO4 + Fe(s)

প্ৰশ্নাৱলীঃ (Page-49)
1 (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখা।
উত্তৰঃ 

 
(ii) ইলেক্ত্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO  গঠন লিখা। 
উত্তৰঃ NaO আৰু MgO  গঠন -
 
 
(iii) এই যৌগটোত থকা আয়নসমুহ কি কি ?
উত্তৰঃ Na₂O আৰু MgO ত থকা আয়নসমুহ হল Na²+ আৰু Mg+
 
 
2. আয়নিয় যৌগৰ গলনানক কিয় বেছি?
উত্তৰঃ আয়নীয় যৌগৰ গলনাংক বেছি । কাৰণ ইহঁতৰ আন্তঃ আয়নীয় স্থিতি বৈদ্যুতিক আকৰ্ষণ বল যথেষ্ট প্ৰবল। যাৰ ফলত আয়নবোৰ পৃথক কৰিবলৈ যথেষ্ট তাপশক্তিৰ প্ৰয়োজন হয়। সেইবাবে আয়নিয় যৌগৰ গলনানক বেছি।

প্ৰশ্নাৱলীঃ4 (Page-53)
1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (ii) আকৰ (iii) খনিজ মল
 উত্তৰঃ  (i) মণিকঃ পৃথিৱীৰ ভূত্বকত মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰকে মণিক বোলে।
            (ii)আকৰঃ যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে।
            (iii)খনিজ মলঃ খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে।

2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰঃ ল্ড আৰু প্লেটিনাম।
 
 3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়।
উত্তৰঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।
 
 প্ৰশ্নাৱলীঃ5 (Page-55)
1) যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হল।

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

মেগনেছিয়াম অক্সাইড

কপাৰ অক্সাইড

 
 
কোনবিলাক ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?
 
উত্তৰঃ

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

নঘটিব

ঘটিব

নঘটিব

মেগনেছিয়াম
 
অক্সাইড

নঘটিব

নঘটিব

নঘটিব

কপাৰ অক্সাইড

ঘটিব

ঘটিব

নঘটিব

 
 
2) সংকৰ ধাতু কি?
উত্তৰঃ সংকৰ ধাতু (alloy) ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ যেনেঃ লো।
 
 
অনুশীলনী (Page-56)
1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?
a) NaCl ৰ দ্ৰব আৰু কপাৰ ধাতু। 
b) MgCl₂ ৰ দ্ৰব আৰু এলুমিনিয়াম ধাতু। 
c) FeSO4 ৰ দ্ৰব আৰু ছিলভাৰ ধাতু।
d)AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু ।
উত্তৰঃ d) AgNO3 ৰ দ্ৰব আৰু কপাৰ ধাতু ।
 
 2. লোৰ তাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
a) গ্ৰীছ ব্যৱহাৰ কৰি 
b) ৰঙ ব্যৱহাৰ কৰি 
c) জিংকৰ প্ৰলেপ দি 
d) ওপৰৰ সকলো 
উত্তৰঃ c) জিংকৰ প্ৰলেপ দি 
 
 3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো
a) কেলছিয়াম 
b) কাৰ্বন
c) ছিলিকন 
d) আইৰণ
উত্তৰঃ a) কেলছিয়াম 
 
 4. খাদ্যবস্ত্ত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়।কিয়নো-
a) টিনতকৈ যিক দামী
b) যিংকৰ গলনাংক টিনতকৈ বেছি।
c) যিংক টিনতকৈ অধিক সক্ৰিয়।
d) যিংক টিনতকৈ কম সক্ৰিয়।
উত্তৰঃ c) যিংক টিনতকৈ অধিক সক্ৰিয়।
 
 5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।
a) এই বস্ত্তবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা।
b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা?
উত্তৰঃ  a) ধাতুক হাতুৰীৰে কোবালে মিহি পাত প্ৰস্ত্তত হয়।আনহাতে অধাতুক কোবালে গুড়ি হয়। এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাঁৰেৰে তৈয়াৰ কৰা হল। যদি বৰ্তনীত চুইছ অনকৰাৰ লগে লগে বিদ্যুৎ প্ৰৱাহ চালিত হয়, তেন্তে বস্ত্তটো ধাতু হব আৰু যদি বিদ্যুৎ চালিত নহয় তেন্তে অধাতু হব।
         
        b) হাতুৰীৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি।কিন্ত্ত গ্ৰেফাইট এটা সুকীয়া অধাতু, যিটো বিদ্যুৎ পৰিবাহী।অৰ্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰীৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি।
 
 6. উভধৰ্মী  অক্সাইড কাক বোলে? দুটা উভধৰ্মী  অক্সাইডৰ উদাহৰণ দিয়া। 
উত্তৰঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।
 
 7.দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লাঘূ এচিডৰ পৰা  হাইড্ৰজেন অপসৰণ  কৰে  আৰু যিয়ে নকৰে ।
উত্তৰঃ  হাইড্রজেন অপসাৰণ কৰা দুটা ধাতু হল- ছডিয়াম আৰু কেলছিয়াম। হাইড্রজেন অপসাৰণ নকৰা ধাতু হল- কপাৰ আৰু ছিলভাৰ।
 
8. M ধাতুৰ বৈদ্যুতিক শোধন ৰ বেলিকা এনড কেথড আৰু বিদ্যুৎ বিশ্লেশ্য কি লব লাগিব?
উত্তৰ: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হিছাপে অশুদ্ধ ধাতুকেথড হিছাপে  বিশুদ্ধ হিচাপে ধাতু আৰু বিদ্যুৎ বিশ্লেশ্য  হিছাপে লৱণ ব্যৱহাৰ কৰিব লাগিব।
 
 9. প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে।উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষা নলীত উভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
a) (i) শুষ্ক লিটমাছ  কাগজৰ লগত
b) (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ?
c) (iii) ইয়াত বিক্ৰিয়াটোৰ সন্ত্তলিত সমীকৰণ লিখা।
 
উত্তৰঃ ছালফাৰ গুড়ি উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।  
 
(i) উৎপন্ন হোৱা ছালফাৰ ডাই অক্সাইড শুষ্ক লিটমাচ কাগজৰ লগত বিক্ৰিয়া নকৰে। 
 
(ii) সিক্ত লিটমাচ কাগজৰ লগত ছালফাৰ ডাই অক্সাইডে বিক্ৰিয়া কৰিলে কাগজৰ ৰঙ ৰঙা হব। 
 
(iii)সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ
       S(s) + O2(g) → SO2(g)
       SO2(g) + H2O →H2SO3
 
 
 10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা।
 
উত্তৰঃ (i) যিংক ধাতুৰ প্ৰলেপ দি মামৰে ধৰা বন্ধ কৰা যায়।
 
          (ii) লো টুকুৰা চিৰিছ কাগজেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দিও মামৰে ধৰা ৰোধ কৰা যায়।
 
 
11. অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উত্তৰঃ অধাতুবিলাকে অক্সিজেনৰ লগত বিক্রিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।
 
 12. কাৰণ দৰ্শওৱা।
a) গহণা তৈয়াৰ কৰিবলৈ প্লেটিনাম, ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা।
উত্তৰঃ প্লেটিনাম, ল্ড আৰু ছিলভাৰ অতি নিষ্ক্ৰিয় ধাতু। আনহাতে ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে আৰু ক্ষয়ীভৱন নঘটে ফলত ইয়াৰ উজ্জ্বলতাৰ হ্ৰাস নহয়। গতিকে্ এই ধাতুবোৰৰ চিকমিকনি, কঠিন, ঘাত-সহনীয়, নমনীয় আদি ভৌতিক ধৰ্মৰ বাবে গহনাপাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
 
 b) ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰঃ এই ধাতুবোৰ অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত ইহঁতে বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া হয় আৰু জ্বলি উঠে।সেইবাবে এই ধাতুবোৰক ডুবাই ৰখা হয়।
 
 c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়।
উত্তৰঃ এলুমিনিয়ামে অইন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে।এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাতে পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই লব পাৰি। গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়।
 
 d) ধাতু নিষ্কাষণৰ সময়ত ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰঃ ধাতু নিষ্কাষণৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ এই অক্সাইডক বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয়।
 
 13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছা নে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্ত্ত কিয় ব্যৱহাৰ কৰে?
উত্তৰঃ কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাগ পৰে। এই দাগ দূৰ কৰাৰ বাবে নেমু বা তেতেলী ৰস ব্যৱহৃত হয়। নেমু বা তেতেলী ৰসত থকা এছিডৰ ফলত চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ হয়।
 
 14. ৰসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।
উত্তৰঃ

ধাতু

অধাতু

(j) ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল। 

(i) অধাতুবোৰ বিদ্যুৎ ঋণাত্মক মৌল।

(ii) ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়।

(ii) অধাতুৰ অক্সাইডবোৰ আম্লিক।

(iii) ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি এলকালি উৎপন্ন কৰে।

(iii) অধাতুৰ অক্লাইডে পানীৰ লগত বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে।

 
 
 
xxx

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.