1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয় ?
উত্তৰঃ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ শৰীৰ সকলোবিলাক কোষ পৰিৱেশৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত নহয়। সেইবাবে, বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো পৰ্যাপ্ত নহয়।
উত্তৰঃ জীৱৰ খাদ্যগ্ৰহণ, বৃদ্ধি, শ্বসন, চলন, প্ৰজনন আদিৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰো।
উত্তৰঃ জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবে জীৱই খাদ্য, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পানী আদি কেঁচা সামগ্ৰী বহিঃ পৰিৱেশৰ পৰা আহৰণ কৰে।
উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ’ল - পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন।
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি কি ?
উত্তৰঃ
|
স্বপোষিত পুষ্টি |
পৰপোষিত পুষ্টি |
|
i) এনে ধৰণৰ পুষ্টিত জীৱই নিজৰ আহাৰ নিজে
প্ৰস্তুত কৰে। |
i) এনে ধৰণৰ পুষ্টিত জীৱই নিজৰ আহাৰ নিজে
প্ৰস্তুত কৰিব নোৱাৰে। |
|
ii) উদাহৰণ- সেউজীয়া উদ্ভিদ |
ii) উদাহাৰণ- ভেঁকুৰ, ইষ্ট |
2. সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত কত পায় ?
উত্তৰঃ সালোক সংশ্লেষণত প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুমণ্ডলৰ পৰা আহৰণ কৰে আৰু মাটিৰ পৰা পানী আহৰণ কৰে।
উত্তৰঃ পাকস্থলীৰ পৰা নিঃসৰণ হোৱা হাইড্ৰ’ক্লৰিক (HCl) এছিডৰ ভূমিকা হল-
(i) HCl য়ে প্ৰটিন বিশ্লেষী উৎসেচক পেপচিনৰ ক্ৰিয়াত সহায় কৰে।
(ii) HCl য়ে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে।
উত্তৰঃ পাচক উৎসেচক সমূহে খাদ্যৰ ডাঙৰ অনুবিলাক ভাঙি সৰু অনুলৈ পৰিৱৰ্তন কৰি খাদ্যৰ পাচনত সহায় কৰে।
উত্তৰঃ সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বোলে। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ অসুবিধা কি ?
উত্তৰঃ বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি। স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰে কিন্ত্ত জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহৈ শোষণ কৰে। সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়।
উত্তৰঃ চাইট’প্লাজমত গ্লাইকলাইচিচ প্ৰক্ৰিয়াৰে প্ৰথমে গ্লুকজ অনু ভাঙি 3 টা কাৰ্বনযুক্ত পাইৰুভেট যৌগ গঠন কৰে। পিছত 3 টা কাৰ্বনযুক্ত পাইৰুভেট অনু তলত দিয়া ধৰণে জাৰিত হয়।
উত্তৰঃ মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন তেজৰ দ্বাৰা সংঘটিত হয়।তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাসৰঞ্জক হিম’গ্লবিনে অক্সিজেন কঢ়িয়ায়।আনহাটে,পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কাৰ্বন ডাই অক্সাইড তেজত দ্ৰৱীভূত অৱস্থাত পৰিৱাহিত হয়।
1.
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে যাৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক।এনে প্ৰাণীৰ দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে।এই উদ্দেশ্যত, স্তন্যপায়ী আৰু পক্ষীৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনৰহিত তেজক পৃথক কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়।
উত্তৰঃ অংগসমূহ হ’ল - (i) জাইলেম আৰু ( ii) ফ্লোৱেম
উত্তৰঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিৱহণ জাইলেম কলাৰ মাজেৰে সংঘটিত হয়।জাইলেম কলাৰ নলীকাবিলাকে উদ্ভিদৰ শিপা,কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ’ব পৰাকৈ এটা সংবহন সূতিৰ সৃষ্টি কৰে।শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাকে সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে।ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে।সেয়ে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে।ফলত,শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভৰ সৃষ্টি কৰি নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে।
1.
উত্তৰঃ উৎপন্ন হোৱা মূত্ৰৰ পৰিমাণ তলত দিয়া কাৰক দুটাই নিয়ন্ত্ৰণ কৰে - (i) শৰীৰত থকা অতিৰিক্ত পানীৰ পৰিমাণ।(ii) বৰ্জনযোগ্য দ্ৰৱীভূত ৰেচনজাতীয় পদাৰ্থৰ পৰিমাণ।
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰঃ c) ৰেচন
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰঃ (a) পানীৰ পৰিবহন
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰঃ (b) মাইট’কন্ড্ৰিয়াত
উত্তৰঃ লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকবিধে শ্বেতসাৰক ভাঙি শৰ্কৰালৈ ৰূপান্তৰিত কৰে।লালটিৱে খাদ্যক পিছল কৰি তাক গ্ৰাহনলীয়ে পৰিবহন হোৱাত সহায় কৰে।
উত্তৰঃ জীৱন প্ৰক্ৰিয়া চলাৰ বাবে অধিক শক্তিৰ প্ৰয়োজন।সেয়েহে শৰীৰৰ বিভিন্ন কোষত অক্সিজেনযুক্ত তেজৰ পৰিবহন দৰকাৰ।অৰ্থাৎ শক্তিৰ কাৰণে দ্বৈত ৰক্ত সংবহন তন্ত্ৰৰ প্ৰয়োজন।


Post a Comment
0 Comments