Type Here to Get Search Results !

Class 7 Social Science New Book Chapter 1 Assamese Medium Question Answer SCERT

In this post, we provide the complete Class 7 Social Science New Book Chapter 1 solutions in Assamese Medium. Our guide is designed to help you download the SEBA Class 7 Social Science book PDF concepts and master the question-answer format required by the latest syllabus.




অনুশীলনী - ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(ক) ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। এই পৰিৱৰ্তনবোৰ লাহে লাহে অথবা কেতিয়াবা হঠাতে হ'ব পাৰে। এনে পৰিৱৰ্তনে সাগৰ-মহাসাগৰৰো আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটাব পাৰে। 

(খ) ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা-
i) বাহ্যিক কাৰক (ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদি)
ii) আভ্যন্তৰীণ কাৰক (ভূমিকম্প, আগ্নেয় উদগীৰণ আদি)

(গ) পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?
উত্তৰঃ 6000° চেলচিয়াছ।

(ঘ) ছিমা (SiMa) শব্দটো ক'ৰপৰা আহিছে?
উত্তৰঃ ছিমা (SiMa) শব্দটোৰ অৰ্থ হৈছে - 
Si- ছিলিকন আৰু Ma- মেগনেচিয়াম।

২. পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ থকা স্তৰ কেইটা হৈছে - 
i) ভূত্বক (Crust) 
ii) গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ (Mantle)
iii) কেন্দ্ৰমণ্ডল (বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্রমণ্ডল)


i) ভূত্বক: পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পর্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ-মহাসাগৰ আদি অবয়ববোৰ ইয়াতেই অবস্থিত।

ii) গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ: ভূত্বকৰ নিম্নভাগৰপৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই হৈছে গুরুমণ্ডল বা প্ৰবাৰ স্তৰ।

iii) কেন্দ্ৰমণ্ডল: গুৰুমণ্ডলৰ নিম্নাংশৰপৰা পৃথিৱীৰ কেন্দ্ৰ পর্যন্ত বিয়পি থকা অংশটোৱেই কেন্দ্রমণ্ডল। কেন্দ্ৰমণ্ডলৰ বাহিৰৰ অংশটো তৰল আৱৰণেৰে গঠিত। ইয়াক বহিঃকেন্দ্রমণ্ডল বোলা হয়। আনহাতে পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা অংশটোক অন্তঃকেন্দ্রমণ্ডল বোলা হয়।

৩. পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ প্ৰাকৃতিক কাৰকে পৃথিৱীৰ ভিতৰ ভাগৰ পৰিবৰ্তন কৰে, সেইবোৰেই হ’ল আভ্যন্তৰীণ কাৰক। যেনে - ভূমিকম্প, আগ্নেয় উদগীৰণ আদি।

৪. ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে?
উত্তৰঃ পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ সাতখন ডাঙৰ ফলকত বিভক্ত। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অর্ধগলিত মেগমাৰে গঠিত এটা স্তৰত ওপঙি আছে। এই ফলকবোৰে লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়েই হৈছে ভূমিকম্প। 
ভূমিকম্পৰ কেন্দ্ৰ: ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। 
উপকেন্দ্ৰ: ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্র বোলা হয়।

৫. আগ্নেয়গিৰি উদ্গিৰণ বুলিলে কি বুজা?
উত্তৰঃ ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰপৰা উত্তপ্ত গলিত পদার্থ, ধোঁৱা, ছাঁই, বাষ্প আদি প্রবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰিৰ উদ্গিৰণ (Volcanic Eruption) বুলি কোৱা হয়।

অনুশীলনী - ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(ক) বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বাহ্যিক শক্তিৰ উদাহৰণ হল - ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি।

(খ) ক্ষয়কার্য কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ ক্ষয়কাৰ্য দুই ধৰণৰ- 
i) বিচূর্ণীভৱন (Weathering) আৰু 
ii) ক্ষয়ীভৱন (Erosion)।

(গ) অৱক্ষেপণ বুলিলে কি বুজা?
উত্তৰঃ বাহ্যিক কাৰকৰদ্বাৰা শিল, বালি আদি ক্ষয় হৈ পৰিবহণৰ ফলত পদাৰ্থবোৰ দ ঠাইত জমা হোৱাকে অৱক্ষেপণ বোলা হয়।

(ঘ) বালিয়ৰি কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বালিয়ৰি দুই প্ৰকাৰৰ - অনুদৈৰ্ঘ বালিয়ৰি আৰু অনুপ্ৰস্থ বালিয়ৰি। 

২. সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে?
উত্তৰঃ সূৰ্যৰ দিশে থকা পৰ্বতৰ ঢালবোৰে সূৰ্যৰ তাপ বেছিকৈ পায়। এনেদৰে বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাঁট মেলে। এইদৰে ফাঁট মেলি ভাঙি-চিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পর্বতত পৰিণত হয়।

৩. হিমবাহৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ দুই মেৰু অঞ্চল আৰু ওখ পাহাৰীয়া ঠাইত জমা হোৱা বৰফ নদীৰ দৰে লাহে লাহে তললৈ নামি আহিলে তাক হিমবাহ বা বৰফৰ নৈ বুলি কোৱা হয়। ওপৰৰ বৰফৰ হেঁচা আৰু পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবে হিমবাহ তললৈ গতি কৰে। হিমবাহ নামি আহোঁতে লগত শিল, বালি আৰু মাটি কঢ়িয়াই আনে। পিছত য’ত হিমবাহ গলি যায়, তাত এইবোৰ জমা হৈ থাকে।

৪. সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে?
উত্তৰঃ উপকূল আৰু তাৰ কাষৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ ফলত বিভিন্ন ধৰণৰ ভূমিৰ আকৃতি সৃষ্টি হয়। বতাহ, নদীৰ পানী আৰু হিমবাহৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতে খুব দ্রুতভাৱে উপকূলভূমি সলনি কৰে। এই পৰিৱৰ্তন মূলতঃ সাগৰীয় সোঁত, ঢৌ আৰু জোৱাৰৰ দ্বাৰা হয় যদিও বতাহ আৰু নদীয়েও এই কামত সহায় কৰে।

FAQs 
class 7 social science assamese medium book pdf
seba class 7 social science book pdf assamese medium
class 7 social science book assamese medium
class 8 social science assamese medium book pdf
class 7 social science assamese medium question answer
class 6 social science assamese medium book pdf
class 7 social science assamese medium book pdf download
class 7 science assamese medium book pdf
seba class 7 science book pdf assamese medium

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.