Type Here to Get Search Results !

Class 10 General Science Chapter 1 | Chemical Reactions and Equations - ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Assamese Medium Notes - NCERT SEBA ASSEB Solution

 

অধ্যায়-1
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
(Chemical Reactions and Equations)



প্র শ্না ৱ লী (Page-6)


1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?
উত্তৰঃ- বায়ুৰ সংস্পৰ্শত থাকিলে  মেগনেছিয়ামৰ ফিটাৰ ওপৰত মেগনেছিয়াম অক্সাইড (MgO)ৰ এটা পাতল তৰপ গঠন হয়। এই তৰপ আঁতৰাবলৈ মেগনেছিয়ামৰ ফিটা পৰিষ্কাৰ কৰা হয় যাতে মেগনেছিয়াম সহজে জ্বলিব পাৰে।

 2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
(i) হাইড্র'জেন + ক্ল’ৰিন → হাইড্র'জেন ক্ল’ৰাইড।
উত্তৰঃ-            H₂ + CI₂ →2HCI
 
(ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড
উত্তৰঃ-            3BaCl₂ + Al₂(SO₄)₃ → 3BaSO₄ + 2AICI₃
 
(iii) ছ’ডিয়াম + পানী → ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন।
উত্তৰঃ-            2Na + 2H₂O → 2NaOH + H₂
 
3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয়।
উত্তৰঃ-            BaCl₂(aq) + Na₂ SO₄(aq)  → BaSO₄(s)  + 2NaCl(aq)
 
(ii) ছ'ডিয়াম হাইড্রক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
উত্তৰঃ-             NaOH(aq)  + HCl(aq)  → NaCl(aq)  + H₂O(l)

প্র শ্না ৱ লী (Page-10)

1. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White Washing) ব্যৱহাৰ কৰা হয়। 

(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ- পদাৰ্থ 'X' নাম হল পোৰা চূণ।

(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ- পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হ'ল 一

                           CaO +   H₂O      →      Ca (OH)₂

(পোৰা চুণ)                             (শিথিলিত চুণ)

2. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

উত্তৰঃ-  কাৰ্যকলাপ ১.৭ ত এটা টেষ্ট টিউবত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো টেষ্ট টিউবতকৈ দুগুণ হয়, কাৰণ পানী বিদ্যুৎ বিশ্লেষণ কৰিলে ই ভাঙি হাইড্ৰোজেন আৰু অক্সিজেন গেছ উত্পন্ন কৰে। ইয়াত দুটা হাইড্ৰোজেনৰ অণু আৰু এটা অক্সিজেনৰ অণু উৎপন্ন হয়। সেইবাবে সংগ্ৰহ হোৱা হাইড্ৰোজেন গেছৰ পৰিমাণ অক্সিজেনতকৈ দুগুণ হয়।



প্র শ্না ৱ লী (
Page-13)

1.  লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয়?

উত্তৰঃ- লো ক’পাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল এটা ডুবাই দিলে লোৱে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰক অপসাৰিত কৰি আইৰণ ছালফেট গঠন সেইবাবে লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে।

2. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বি-অপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ- ছিলভাৰ নাইট্ৰ’জেন জলীয় দ্ৰৱই ছ'ডিয়াম ক্ল’ৰাইড দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছিলভাৰ ক্ল’ৰাইডৰ বগা অধঃক্ষেপ আৰু ছ'ডিয়াম নাইট্ৰে’ট দ্ৰৱ উৎপন্ন হয়।

            AgNO3(aq) + NaCl(aq) → AgCl(s) + Na NO3(aq)

3. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা। 

(i) 4Na(s) + O₂(g) → 2Na₂O(s)

উত্তৰঃ- এই বিক্ৰিয়াটোত Na জাৰিত হৈছে অৰ্থাৎ ছডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।

(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(l) 

উত্তৰঃ- H₂ জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু CuO বিজাৰিত হৈ Cu উৎপন্ন হৈছে।



অ নু শী ল নী
1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO(s) + C(s) → 2Pb(s) + CO₂(g)
(a)
লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কার্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c) 
(iii) (a), (b) আৰু (c)
(iv) সকলো
উত্তৰঃ- (i) (a) আৰু (b)
 
2.  Fe₂O₃ + 2AI → AI2O3 + 2Fe
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্রিয়াৰ
(b) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ
(c) এটা বিযোজন বিক্রিয়াৰ
(d) এটা অপসৰণ বিক্রিয়াৰ
উত্তৰঃ  (d) এটা অপসৰণ বিক্রিয়াৰ।
 
3. কি ঘটে যেতিয়া লঘু হাইড্র'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।
(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰি গেছ আৰু আইৰন হাইড্র'ক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ  (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
উত্তৰঃ  যি ৰাসায়নিক সমীকৰণত বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থসমূহৰ মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়।
ভৰৰ নিত্যতা বিধি অনুসৰি কোনো ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থৰ ভৰ কেতিয়াও সৃষ্টি বা ধ্বংস হ'ব নোৱাৰে। সেইবাবে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ  সমান কৰিবলৈ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে।
 
5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।   
(a) হাইড্র'জেন গেছে নাইট্র'জেনৰে সৈতে লগ হৈ এম'নিয়া প্রস্তুত কৰে।
উত্তৰঃ         3H₂(g) + H₂(g) → 2NH₃(g)
 
(b) হাইড্র'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।
উত্তৰঃ         2H₂S(g) + 3O₂(g) → 2SO₂(g) + 2H₂O (l)
 
(c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।
উত্তৰঃ         3BaCl₂(aq) + Al(SO₄)₃(aq) → 2AlCl₃(aq) + 3BaSO₄(S)
 
(d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
উত্তৰঃ         2K(s) + 2H₂O(l) → 2KOH + H₂(g)
 
6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।
(a) HNO3 + Ca (OH)2 → Ca (NO3)2 + H2O
উত্তৰঃ          2HNO₃ (aq) + Ca(OH)₂ (aq) → Ca(NO₃)₂ (aq) + 2H₂ O(l) 
 
(b) NaOH + H₂SO₄ → Na₂SO₄ + H₂O
উত্তৰঃ         2NaOH (aq) + H₂SO₄ (aq) → Na₂ SO₄ (aq) + 2H₂O (aq)
 
(c) NaCl + AgNO₃ → AgCl + NaNO₃ 
উত্তৰঃ              NaCl (aq) + AgNO₃ (aq) → AgCl (S) + NaNO₃ (aq)
 
(d) BaCl₂ + H₂SO₄ → BaSO₄ + HCI
উত্তৰঃ              BaCl₂ (aq) + H₂SO₄ (aq) → BaSO₄ (S) + 2HCl (aq)
 
7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
(a) কেলছিয়াম হাইড্র’ক্সাইড + কার্বন-ডাই-অক্সাইড → কেলছিয়াম কার্বনেট + পানী।
উত্তৰঃ              Ca(OH)₂ (aq) + CO₂ (g) → CaCO₃ (s) + H₂O (l) 
 
(b) যিংক + ছিলভাৰ নাইট্রেট → যিংক নাইট্রেট + ছিলভাৰ।
উত্তৰঃ              Zn (s) + 2AgNO₃ (aq) → Zn (NO₃)₂ (aq) + 2Ag (S)
 
(c) এলুমিনিয়াম + ক’পাৰ ক্ল'ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।
উত্তৰঃ              2Al (s) + 3CuCI₂ (aq) → 2AICI₃ (aq) + 3Cu (S)
 
(d) বেৰিয়াম ক্ল'ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল'ৰাইড।
উত্তৰঃ         BaCl₂ (aq) + K₂SO₄ (aq) → BaSO₄ (S) + 2KCI (aq)
 
৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।
(a) পটেছিয়াম ব্র’মাইড (aq) + বেৰিয়াম আয়'ডাইড (aq) → পটেছিয়াম আয়'ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড (s)
উত্তৰঃ-            2KBr (aq) + Bal₂ (aq) → 2KI (aq) + BaBr₂ (S) (দ্বি-অপসৰণ বিক্ৰিয়া)
 
(b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড (g)
উত্তৰঃ-            ZnCO₃(s) → ZnO(S) + CO₂(g) (বিয়োজন বিক্ৰিয়া)
 
(c) হাইড্র’জেন (g) + ক্ল’ৰিন (g) → হাইড্র’জেন ক্ল'ৰাইড(g)
উত্তৰঃ-            H₂(g) + Cl₂(g) → 2HCl(g) (সংযোজন বিক্ৰিয়া)
 
(d) মেগনেছিয়াম (s) + হাইড্র’ক্ল'ৰিক এছিড (aq) → মেগনেছিয়াম ক্ল'ৰাইড (aq) + হাইড্র’জেন(g)
উত্তৰঃ-            Mg(s) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g) (অপসৰণ বিক্ৰিয়া)
 
 
 9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰীয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ শক্তি নিৰ্গত হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলা হয়।
উদাহৰণ- কেলচিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰি কেলচিয়াম হাইড্ৰক্সাইড আৰু তাপ উৎপন্ন কৰে।
CaO + H₂O ® Ca (OH)₂ + তাপ
 
10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
উত্তৰঃ শ্বসনক তাপবর্জী বিক্ৰিয়া বুলি কোৱা হয়, কিয়নো এই প্ৰক্ৰিয়াত গ্লুকোজ দেহৰ কোষত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে। এই শক্তিৰ এটা অংশ তাপৰ ৰূপত মুক্ত হয়। সেয়ে শ্বসনক তাপবর্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয়।
 
11. বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা তাতোকৈ পদাৰ্থ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ ভাঙি দুই বা তাতোধিক পদাৰ্থ উৎপন্ন হয়। সেইবাবে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
 
সংযোজন বিক্ৰিয়াৰ উদাহৰণ-        2H₂  + O₂  → 2H₂O
বিযোজন বিক্ৰিয়াৰ উদাহৰণ-         CaCO₂  → CaO  + CO₂
 
12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰঃ 





13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।
উত্তৰঃ অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হ’ল 一




14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্রে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।
উত্তৰঃ             Cu(s) + 2AgNO₃ → Cu(NO₃) (aq) + 2Ag(S)
15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত অধঃক্ষেপ উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলে।
উদাহৰণ
(i) ছিলভাৰ নাইট্ৰেটৰ এটা জলীয় দ্ৰৱই ছ'ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰিলে ছিলভাৰ ক্ল’ৰাইডৰ এটা বগা অধঃক্ষেপ আৰু ছ'ডিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয়।
AgNO₃ (aq) + NaCl (aq) ⟶ AgCl(s) + NaNO₃ (aq)
(ii) ক'পাৰ ছালফেটৰ জলীয় দ্ৰৱৰ মাজেৰে হাইড্ৰ'জেন ছালফাইড গেছ যাব দিলে ক'পাৰ ছালফাইডৰ এটা ক’লা অধঃক্ষেপ আৰু হাইড্ৰ'জেন ছালফেটৰ দ্ৰৱ উৎপন্ন হয়।       
CuSO₄ (aq) + H₂S(g) ⟶ CuS(s) + H₂SO₄ (aq)
 
16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
(a) জাৰণ।   (b) বিজাৰণ।
উত্তৰঃ 
জাৰণ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে। যেনে-
        
(i) বায়ুৰ উপস্থিতিত কাৰ্বন জ্বলালে কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।
                      C(g) + O₂(g) ⟶ CO₂(g)
(ii) অক্সিজেনৰ উপস্থিতিত মেগনেছিয়াম ফিতা জ্বলালে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়।
                      2Mg(s) + O₂(g) → 2MgO(s)

বিজাৰণ- যি বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন হেৰুৱায় তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে। যেনে-   
(i)             CuO(s) + H₂(g) → Cu(s) + H₂O(l)
                ইয়াত CuO ৰ পৰা অক্সিজেন অপসাৰিত হৈছে।
 
(ii)             ZnO(s) + C(s) ⟶ Zn(s) + CO(g)
                          ইয়াত ZnOৰ পৰা অক্সিজেন অপসাৰিত হৈছে।
 
17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X' ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰঃ- উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ৰ নাম হ’ল ক’পাৰ (Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড (CuO).
                                2Cu(s) + O₂(g) ⟶ 2CuO(s)
 
18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয়?
উত্তৰঃ- লো বায়ুৰ অক্সিজেন আৰু পানীৰ সংস্পৰ্শলৈ আহিলে ৰাসায়নিক বিক্ৰিয়াৰ ফলত লোত মামৰ(Fe₂O₃) ধৰে, যাৰ ফলত ক্ষয় হয়। ৰঙৰ প্ৰলেপে লোৰ পৃষ্ঠভাগ আৰু বাহিৰৰ পৰিৱেশৰ মাজত এক সুৰক্ষামূলক আৱৰণ তৈয়াৰ কৰে, যাৰ ফলত বায়ু আৰু আৰ্দ্ৰতা লোক স্পৰ্শ কৰিব নোৱাৰে আৰু মামৰ নধৰে।
 
19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?
উত্তৰঃ- তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুত থকা অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি দুৰ্গন্ধ হয়। নাইট্ৰ'জেন এবিধ প্ৰতিজাৰক পদাৰ্থ। সেয়েহে তেল বা চৰ্বি যুক্ত খাদ্য বস্তুবোৰ নাইট্ৰ'জেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয়। ফলত বহু দিনলৈ ভালে থাকে।
 
20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন       (b) চৰ্বিৰ দুৰ্গন্ধিতা।
উত্তৰঃ-
(a) ক্ষয়ীভৱন: যেতিয়া ধাতুসমূহ তাৰ চৌপাশৰ পদাৰ্থ যেনে বায়ু, পানী জলীয় বাষ্প, এচিড আদিৰ সৈতে বিক্ৰিয়া কৰি লাহে লাহে নষ্ট হবলৈ ধৰে তেতিয়া সেই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে।
উদাহৰণ - লোত মামৰে ধৰা, ছিলভাৰৰ ওপৰত পৰা কলা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি ক্ষয়ীভৱনৰ উদাহৰণ।
ক্ষয়ীভৱন ৰোধ কৰাৰ উপায় - ধাতুৰ পৃষ্ঠত ৰং লগাই, গ্ৰিজ সানি, জিংকৰ প্ৰলেপ আদিৰ জৰিয়তে ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।
 
(b) চৰ্বিৰ দুৰ্গন্ধিতা:
চৰ্বি আৰু তেল জাৰিত হলে এইবোৰ দুৰ্গন্ধী হয় আৰু ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয়। ইয়াকে দুর্গন্ধিতা বা ৰেনচিডিটি বোলে।

দুর্গন্ধিতা বা ৰেনচিডিটি ৰোধ কৰাৰ উপায় -  খাদ্যবস্তুত প্ৰতিজাৰক যোগ কৰি, বায়ুৰুদ্ধ পাত্ৰত ৰাখি, নাইট্ৰজেন গেছ ভৰাই আদি উপায়েৰে দুৰ্গন্ধিতা ৰোধ কৰিব পাৰি।

ADDITIONAL / PREVIOUS YEAR QUESTION / MCQ QUESTION FOR HSLC 
COMING SOON...

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.