Type Here to Get Search Results !

মধ্যযুগৰ ভাৰত | Class 7 Social Science Chapter 5 | New Book Assamese Medium Question Answer

Class 7 Assamese Medium New Book-ৰ সামাজিক বিজ্ঞান বিষয়ৰ পাঠ ৬ – মধ্যযুগৰ ভাৰত (Medieval India) ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়, য'ত মধ্যযুগীয় ভাৰতৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠত দিল্লী চুলতানী, মোগল সাম্ৰাজ্য, বিভিন্ন আঞ্চলিক ৰাজ্য, সমাজ-সংস্কৃতিৰ বিকাশ আৰু সেই সময়ৰ উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে জানিব পাৰি। SEBA Class 7 Social Science, SCERT Assam New Book, Class 7 History Chapter 6 Assamese Medium, Assamese Notes, Question Answers, আৰু Exam Preparation-ৰ বাবে এই অধ্যায়টো অতি গুৰুত্বপূৰ্ণ। Study2X-ৰ এই লেখাত পাঠটোৰ সহজ ব্যাখ্যা, গুৰুত্বপূৰ্ণ তথ্য, প্ৰশ্নোত্তৰ আৰু টোকাসমূহ সৰল ভাষাত উপস্থাপন কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে মধ্যযুগীয় ভাৰতৰ ইতিহাস সহজে বুজি পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি ল’ব পাৰে।


Class 7 - Assamese Medium - New Book 
Lesson - 6



পাঠ -6
মধ্যযুগৰ ভাৰত

অনুশীলনী - ১


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) তুর্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে?

উত্তৰঃ তুর্কীসকলে অসম আক্ৰমণ কৰাৰ কথা কানাই বৰশীবোৱা শিলালিপিত উল্লেখ আছে।


(খ) কোন গৰাকী চুলতানে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?

উত্তৰঃ মহম্মদ-বিন-টোগলক। 


(গ) ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল?

উত্তৰঃ মৰক্কোৰ পৰা।


(ঘ) ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ খিজৰ খাঁ। 


(ঙ) ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল?

উত্তৰঃ বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল।


(চ) কোনে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল?

উত্তৰঃ আলাউদ্দিন খিলজীয়ে। 


(ছ) চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল?

উত্তৰঃ চুলতানী সকলৰ প্ৰশাসনৰ মূল ভেটি আছিল- ইছলাম ধৰ্মীয় আইন বা শ্বৰিয়া আইন।


২. চুলতানী শাসক বুলিলে কি বুজা? চলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা কি কি?

উত্তৰঃ ভাৰতত তুর্কী-আফগানসকলৰ ৰজা সকলক চুলতানী শাসক বুলি কোৱা হয়। 

চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা হৈছে - দাস বংশ, খিলজি বংশ, টোগলক বংশ, ছৈয়দ বংশ আৰু লোডি বংশ।


৩. কুতুবুদ্দিন আইবাকে প্রতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়?

উত্তৰঃ কুতুবুদ্দিন আইবাক এজন তুর্কীমূলৰ ক্রীতদাস আছিল। সৰুতেই তেওঁক পাৰস্যৰ নিশাপুৰৰ কাজী এজনে দাস হিচাপে ক্ৰয় কৰিছিল। পূৰ্বতে এগৰাকী দাস আছিল বাবে কুতুবউদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ বুলি অভিহিত কৰা হয়।


৪. মহম্মদ-বিন-টোগলকক কিয় 'জ্ঞানী মূর্খ' ৰজা বুলি কোৱা হয়?

উত্তৰঃ মহম্মদ-বিন-টোগলকে তামৰ মুদ্ৰা প্রচলন কৰিছিল আৰু সেইবোৰক সোণ-ৰূপৰ মুদ্ৰাৰ সমান মূল্য বুলি ঘোষণা কৰিছিল। ফলত মানুহ বিভ্ৰান্ত হৈছিল। কিছু লোকে নকল তামৰ মুদ্ৰা বনাই সোণ-ৰূপৰ মুদ্ৰা লৈছিল। ইয়াৰ ফলত দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল। সেইবাবেই তেওঁক ‘জ্ঞানী মূৰ্খ’ ৰজা বুলি কোৱা হয়।


৫. চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ চুলতানসকলৰ প্ৰশাসন ব্যৱস্থা শ্বৰীয়া আইন অনুযায়ী চলিছিল। চুলতান আছিল সর্বোচ্চ ক্ষমতাৰ গৰাকী। শাসন সহজ কৰিবলৈ প্ৰশাসনক বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু দাতব্য বিভাগ। এই সকলো বিভাগৰ মুৰব্বী এজন উচ্চ পদস্থ বিষয়া আছিল, যাক ৱাজিৰ বুলি কোৱা হৈছিল। দেশখনক বহু অঞ্চলত ভাগ কৰা হৈছিল আৰু সেই অঞ্চলৰ শাসকক মুক্‌তি বা ইফ্টাদাৰ বোলা হৈছিল। তেওঁলোকে কৰ সংগ্ৰহ কৰিছিল আৰু অঞ্চল পৰিচালনা কৰিছিল। চুলতানসকলে উৎপন্ন শস্য, গৰু-ম’হ আৰু ঘৰ-বাৰীৰ ওপৰত কৰ লোৱাৰ ব্যৱস্থা কৰিছিল।



অনুশীলনী - ২


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল?

উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ টাইমূৰৰ বংশধৰ আছিল।


(খ) মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰপৰা ক'লৈ আছিল?

উত্তৰঃ মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। 


(গ) 'বাবৰনামা' কি?

উত্তৰঃ বাবৰনামা আছিল বাবৰৰ আত্মজীৱনী। 


(ঘ) 'হেমচন্দ্র বিক্রমাদিত্য' উপাধি কোনে গ্রহণ কৰিছিল?

উত্তৰঃ ৱাজিৰ হিমুৱে 'হেমচন্দ্র বিক্রমাদিত্য' উপাধি গ্রহণ কৰিছিল।


(ঙ) 'চুল-হি-কূল' বুলিলে কি বুজা?

উত্তৰঃ 'চুল-হি-কূল' বুলিলে সকলোৰে সৈতে শান্তি, সম্প্ৰীতি আৰু সহনশীলতা বজাই ৰখাৰ নীতি বুজায়। এই নীতি অনুসৰি সম্ৰাট আকবৰে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকক সমানে সন্মান কৰিছিল আৰু শান্তিপূৰ্ণ সহাৱস্থানক গুৰুত্ব দিছিল।


(চ) তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল?

উত্তৰঃ তাজমহল মোগল সম্ৰাট শাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত নিৰ্মাণ কৰিছিল।


(ছ) ঔৰংজেৱে সিংহাসনত অধিস্থিত হৈ কি উপাধি গ্রহণ কৰিছিল?

উত্তৰঃ ঔৰংজেৱে সিংহাসনত অধিস্থিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্রহণ কৰিছিল


২. আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল?

উত্তৰঃ আকবৰে জ্ঞান অন্বেষণৰ বাবে বিভিন্ন কাৰ্যাৱলী হাতত লৈছিল। তেওঁ তেওঁৰ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল আৰু মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা তথা পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত গ্ৰন্থসমূহ তেওঁৰ পৃষ্ঠপোষকতাত পাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল। এইদৰে তেওঁ জ্ঞান আৰু সাহিত্যৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।


৩. জিজিয়া কৰ বুলিলে কি বুজা?

উত্তৰঃ জিজিয়া কৰ আছিল মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ।


৪. মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰঃ

মনচবদাৰী ব্যৱস্থা মোগল শাসনৰ এক প্রধান বৈশিষ্ট আছিল। সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই ব্যৱস্থা প্ৰচলন কৰা হৈছিল। মনচবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্ৰতে বাদশ্বাহক সেৱা আগবঢ়াব লাগিছিল। তেওঁলোকৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল। মনচবদাৰসকলক দৰমহাৰ লগতে জাগিৰ প্ৰদান কৰা হৈছিল আৰু তেওঁলোকৰ পদমৰ্যাদা জাট আৰু সৱাৰ নামৰ দুটা পদবীৰে নিৰ্ধাৰণ কৰা হৈছিল।



FAQs 

Class 7 Assamese Medium
Class 7 Social Science Assamese Medium
Class 7 History Assamese Medium
Class 7 New Book Assam
Lesson 6 মধ্যযুগৰ ভাৰত
মধ্যযুগৰ ভাৰত
Medieval India Class 7
Class 7 History Chapter 6
SEBA Class 7 Notes
SCERT Assam Class 7
Class 7 Assamese Notes
Class 7 Question Answer
Assamese Medium Study Materials
Social Science Notes Assamese
Class 7 History Notes
Medieval India Notes
Medieval India Question Answer
Assam Class 7 Solutions
Study2X Class 7
Class 7 Exam Preparation

Tags

#Class7AssameseMedium #Class7SocialScience #Class7History #মধ্যযুগৰভাৰত #Lesson6  #MedievalIndia #SEBA #SCERTAssam #AssameseMedium #Class7Notes #QuestionAnswer #HistoryNotes #Study2X #AssamEducation #Class7NewBook #AssameseNotes #ExamPreparation #SocialScienceNotes #EducationalResources #Study2XNotes

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.