আদি মধ্যযুগৰ ভাৰত (Early Medieval India) — সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়। প্ৰাচীন যুগৰ সমাপ্তি আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ মধ্যৱৰ্তী সময়ছোৱাৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস জানিবলৈ এই পাঠটি পঢ়াটো জৰুৰী।
আজিৰ এই পোষ্টত Study2X-ৰ তৰফৰ পৰা আপোনালোকলৈ লৈ আহিছোঁ Class 7 Social Science Chapter 5 Question Answer Assam-ৰ সম্পূৰ্ণ সমাধান। নতুন পাঠ্যপুথি (New Curriculum) অনুসৰি প্ৰস্তুত কৰা এই নোটছখিনিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত ১০০% সহায় কৰিব।
Class 7 - Assamese Medium - New Book
Lesson - 5
পাঠ -৫
আদি মধ্যযুগৰ ভাৰত
Q) আমি চৰকাৰক কি কি ৰাজহ দিওঁ বাৰু?
উত্তৰঃ আমি চৰকাৰক বিভিন্ন ধৰণে ৰাজহ দিওঁ। ইয়াৰ ভিতৰত আয়কৰ, GST, ভূমি ৰাজহ, যানবাহন কৰ, টোল টেক্স, শুল্ক আদি উল্লেখযোগ্য।
কৰি চোৱা(Page-45)
Q) হর্ষবর্ধনৰ সময়ৰ মুদ্ৰাবোৰ কিহেৰে নিৰ্মিত হৈছিল? এই মুদ্ৰাবোৰৰ যিকোনো এটা বৈশিষ্ট্যৰ বিষয়ে লিখা।
উত্তৰঃ হর্ষবর্ধনৰ সময়ৰ মুদ্ৰাবোৰ সাধাৰণতে সোণ, ৰূপ আৰু তামৰে নিৰ্মিত হৈছিল। এই মুদ্ৰাবোৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল— মুদ্ৰাৰ ওপৰত ৰজাৰ ছবি আৰু বিভিন্ন ধৰ্মীয় চিহ্ন খোদিত কৰা হৈছিল।
ভাবি চোৱা(Page-47)
Q) ৰজাসকলে মন্দিৰ লগতে ব্রাহ্মণ, পুৰোহিত, আৰু কৈৱৰ্তসকলক কিয় ভূমি দান কৰিছিল?
উত্তৰঃ ৰজাসকলে মন্দিৰ লগতে ব্রাহ্মণ, পুৰোহিত, আৰু কৈৱৰ্তসকলক ধৰ্মীয় পুণ্য লাভ, ধৰ্ম আৰু সংস্কৃতিৰ বিকাশ, ৰাজ্যৰ সমৰ্থন, কৃষি আৰু অৰ্থনৈতিক উন্নয়ন, প্ৰশাসনিক সুবিধা আদিৰ বাবে ভূমি দান কৰিছিল।
অনুশীলনী - ১ (Page-49)
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ভাৰতৰ ইতিহাস অধ্যয়নত আদি-মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়?
উত্তৰঃ ভাৰতৰ ইতিহাস অধ্যয়নত আদি-মধ্যযুগ বুলিলে সাধাৰণতে খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে সময়ছোৱাক বুজায়।
(খ) ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল?
উত্তৰঃ ৰজাসকলে মন্দিৰ লগতে ব্রাহ্মণ, পুৰোহিত, আৰু কৈৱৰ্তসকলক কিয় ভূমি দান কৰিছিল।
(গ) পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰঃ প্ৰভাকৰবৰ্ধন।
(ঘ) হর্ষবর্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল?
উত্তৰঃ হিউৱেনচাং।
২. সাহিত্য আৰু ধর্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ সাহিত্য আৰু ধর্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ উল্লেখযোগ্য অৱদান আছিল। তেওঁলোকৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। ৰজা অমোঘবৰ্ষ সাহিত্যৰ পৃষ্ঠপোষক আছিল। তেওঁ ৰচনা কৰা কবিৰাজমাৰ্গ কানাড়া ভাষাত ৰচিত এখন উল্লেখযোগ্য কাব্য।
ধর্মীয় দিশত ৰাষ্ট্ৰকূটসকলে দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত বহু মন্দিৰ নিৰ্মাণ কৰিছিল। ইলোৰাৰ কৈলাশনাথ মন্দিৰটো প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল।
৩. গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি?
উত্তৰঃ গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ প্রধান কাৰণবোৰ হ’ল—
i) ৰাষ্ট্ৰকূট ৰজাই কনৌজ চহৰ আক্ৰমণ।
ii) তেওঁলোকৰ অধীনত থকা প্রাদেশিক শাসকসকলৰ স্বাধীনতা ঘোষণা।
iii) একাদশ শতিকাত গজনীৰ চুলতান মামুদৰ ভাৰত আক্ৰমণ।
৪. পালসকলে কেনেদৰে প্ৰশাসনিক কার্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পালসকলে তেওঁলোকৰ ৰাজ্যখন ভুক্তি, বিষয় আৰু মণ্ডল- এই তিনিটা প্রশাসনীয় গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া আছিল। গ্রামপতি আৰু দশগ্রামিকা নামৰ বিষয়াৰ হাতত গাঁওবোৰ প্ৰশাসনৰ দায়িত্ব অর্পণ কৰা হৈছিল। পাল ৰজাসকলে ব্রাহ্মণ, পুৰোহিত আৰু মন্দিৰবোৰক ভূমি দান দিয়াৰ লগতে কৃষিজীৱি কৈৱৰ্তসকলকো ভূমি দান কৰিছিল।
৫. প্রশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ-প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা।
উত্তৰঃ প্ৰশাসনৰ সুবিধাৰ বাবে ৰাষ্ট্ৰকূটসকলেও পালসকলৰ দৰে নিজৰ ৰাজ্যখন ৰাষ্ট্ৰ (প্রদেশ), বিষয় (জিলা) আৰু ভুক্তি- এই তিনিটা প্রধান ভাগত ভাগ কৰিছিল।
গুৰ্জৰ-প্ৰতিহাৰসকলে শাসনৰ সুবিধার্থে ৰাজ্যখনক কেইবাখনো প্রদেশত ভাগ কৰি লৈছিল। প্ৰদেশবোৰক আকৌ ভুক্তি আৰু মণ্ডল নামেৰে আন দুটা প্রশাসনিক গোটত ভাগ কৰিছিল। ইয়াৰ উপৰি প্ৰতিটো মণ্ডলৰ তলত কেইবাখনো নগৰ আৰু গাওঁ আছিল।
অনুশীলনী - 2 (Page-50
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(ক) ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল?
উত্তৰঃ ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল আৰৱসকল।
(খ) আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল?
উত্তৰঃ আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ।
(গ) চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ 17 বাৰ।
(ঘ) ভাৰতত কেতিয়াৰপৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল?
উত্তৰঃ ভাৰতত 1206 খৃঃৰ পৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল।
২. আৰৱসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল?
উত্তৰঃ আৰৱসকলে বর্তমান পাকিস্তানৰ সিন্ধু প্রদেশৰ দেৱাল, ব্রাহ্মণবাদ, হায়দৰাবাদ, মূলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল।
৩. তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ তৰাইনৰ প্ৰথম যুদ্ধ ১১৯১ খ্ৰীষ্টাব্দত আৰু দ্বিতীয় যুদ্ধ ১১৯২ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। এই যুদ্ধ দুয়োটা দিল্লীৰ ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত হৈছিল।
৪. তুর্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল?
উত্তৰঃ তুর্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ আছিল- ভাৰতত লুটপাট চলোৱা।
~©©©©~
FAQs
Class 7 Social Science Chapter 5 New Book
আদি মধ্যযুগৰ ভাৰত Class 7
Class 7 Social Science Chapter 5 Question Answer Assam
Class 7 Social Science Chapter 5 Assamese Medium
SCERT Class 7 Social Science Chapter 5 Question Answer
Early Medieval India Class 7 Social Science Assamese Medium
Class 7 Social Science New Book Chapter 5 Notes
Class 7 Social Science Chapter 5 Extra Questions
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৫ প্ৰশ্ন উত্তৰ
Class 7 Social Science, আদি মধ্যযুগৰ ভাৰত, Study2X, Assamese Medium Notes, Class 7 SCERT New Book, Class 7 Social Science Chapter 5


Post a Comment
0 Comments